উজায়ে যা নৈ Ujai Ja Noi Lyrics. A beautiful Assamese song by Angaraag Mahanta(PAPON). From the album ৰামধেনু.

“Ujai Ja Noi” Song Lyrics
উজায়ে যা নৈ,
বেলিটিক ক’গৈ,
নীলিমা মোৰ দুখৰ….
ভটিয়ায়ে গৈ..মোহাৰি নে ঐ,
তুলিকা মোৰ দুখৰ।।
কি ৰঙীন পোচাকে হাঁহে
আৱৰি উকা মন,
কি মালিন হৃদয়ে চুমি চায়,
চকুলো হয় নিগৰা ৰং।।
ৰ’দলে বাট চায়,
থমকে মোৰ ৰামধেনু,
বৰষা নাই নাই,
লুকালে মোৰ ৰামধেনু।।
গহনাৰ মিছা ৰং..ইপাৰতে ৰ’
বিকশা প্ৰাণৰ ৰং..মাঁথো সিটো পাৰ হ’
উন্মদনাৰ কি ৰং সানে
সময়ে ৰৈ সূতিৰ গড়াত
উল্লাসে পাহৰা এই ৰঙা ৰঙে যে
তেজ সিঁচি যায়।।
ৰ’দলে বাট চায়..থমকে মোৰ ৰামধেনু,
বৰষা নাই নাই..লুকালে মোৰ ৰামধেনু।।
ভাওনাৰ বচন কি?..দিঠকৰ চলন কি?
চাৰিবেৰ উৱঁলি..নিকাকৈ পদূলি।।
অট্টালিকাই জানো চুমিব পাৰে
হাবিয়াস মনত,
ৰামধেনুৰ সাতো ৰঙতে,
দিবনে পাঁৰো মোকোলাই।।
ৰ’দলে বাট চায়..থমকে মোৰ ৰামধেনু,
বৰষা নাই নাই..লুকালে মোৰ ৰামধেনু।।
“Ujai Ja Noi” Song Video
Listen and Download Mp3 Song Of “উজায়ে যা নৈ,” 👇👇
- Youtube Music: http://bitly.ws/9PpJ
- Direct Download Mp3: http://bitly.ws/9PpG