তোমাৰেই যেন Tumarei Jen Lyrics in Assamese.A beautiful Romantic Assamese song by Angaraag Mahanta(PAPON). From the album চিনাকি অচিনাকি.
“Tumarei Jen” Song Lyrics
তোমাৰেই যেন..আজি এই ৰাগে,
নিয়ৰতো ৰং সানে
বুজা নুবুজা বহু অবুজ আবেশ,
নিয়ৰৰেই দৰে..।।
নাজানো কিয় নামে এই এন্ধাৰ আজি,
কিয়নো সপোন ভাগে,
তোমাৰেই আশা মাঁথো দুচকুতে মোৰ,
নাজানো মনে কি বিচাৰে;
তোমাৰেই যেন..আজি এই ৰাগে,
নিয়ৰতো ৰং সানে,
বুজা নুবুজা বহু অবুজ আবেশ,
নিয়ৰৰেই দৰে..।।
দুচকুত আজি..তোমাৰেই মাথোঁ হেঁপাহ
পোৱা নোপোৱাৰ সচাঁ-মিছা আশা
দুচকুত আজি..তোমাৰেই মাথোঁ হেঁপাহ,
পোৱা নোপোৱাৰ সচাঁ-মিছা আশা;
পামনে তোমাকেই..জোনাকৰেই মাজত,
পামনে তোমাকেই,..বুকুৰে সোঁমাজত,
পামনে তোমাকেই
চাকিবোৰ জ্বলে যেতিয়া,
নিয়ৰ সনা মিঠা সন্ধিয়াত
তোমাৰেই যেন..আজি এই ৰাগে,
নিয়ৰতো ৰং সানে;
বুজা নুবুজা বহু অবুজ আবেশ,
নিয়ৰৰেই দৰে..।।
সন্ধিয়া সৰা..নিয়ৰৰ দৰে,
আহিবানে ওচৰলৈ,
সন্ধিয়া হ’লে..মন জোনাকীৰ দৰে,
বাৰে বাৰে কিয় যে ৰৈ
তোমাকে উজ্বলাই..ই চোন জ্বলি যায়,
তোমাকে বিচৰা আবেগতে বৈ যায়,
ক’লা ডাৱৰ জাকে
বৰষাই কিয় উটি যায়,
নিয়ৰ সনা মিঠা সন্ধিয়াত
তোমাৰেই যেন..আজি মিঠা ৰাগে,
নিয়ৰতো ৰং সানে,
বুজা নুবুজা বহু অবুজ আবেশ,
নিয়ৰৰেই দৰে..।।
আ আ আ…
“Tumarei Jen” Song Video
Listen and Download Mp3 Song Of “তোমাৰেই যেন” 👇👇
- Youtube Music: http://bitly.ws/9Pod
- Direct Download Mp3: http://bitly.ws/9Poc