তোমাৰ উশাহ Tumar Ukhah Kohua Kumol Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

“Tumar Ukhah Kohua” Song Lyrics
তোমাৰ উশাহ কঁহুৱা-কোমল,শেৱালি-কোমল হাঁহি
হাঁহিয়ে হৃদয় হৰিলে শুনাই,এটি কিবা মিঠা বাঁহী৷
শাৰদীয়া চেনেহীৰে,কঁকাল ইমান লাহী।।
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি৷৷
হঠাৎ আজি গালো মই,মৰম সনা গীত
তাকে শুনি চেনেহীৰে,উখল মাখল চিত।
বালিত নাচে আমাক জোকাই,এটি সৰু বালি মাহী।
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি৷
ৰুণুক-জুনুক সৰা পাতত,নিয়ঁৰ সৰি পৰে
গালে মুখে নিয়ঁৰ সানি,ধেমালিখন কৰে।
শেৱালীৰে বিছনাতে,আমি দুয়ো শুলো
শুই শুই মেঘৰ আঁৰৰ,শৰালি গণিলো
এহাল হাঁহে আদৰিলে,হঠাৎ নামি আহি ।
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি।।
"Tumar Ukhah Kohua Kumol" Song Mp3 Video
Listen and Download Mp3 Song Of "তোমাৰ উশাহ"
- Hungama: http://bitly.ws/9EV5
- Gaana: http://bitly.ws/9EV2
- Jio Savan : http://bitly.ws/9EV3
- Download Mp3: http://bitly.ws/9EV8