সুৰাত মগন Surat Magan Bhayal Rati Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.
“Surat Magan Bhayal Rati” Song Lyrics
সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহল,
মই যেন এক ৰʼদৰ বিলাপ
শব্দৰ সমদল।
চন্দ্ৰ তৰাক থাপ মাৰি আনি
থেকেচি পেলাবৰ হʼল,
সূৰ্যমুখীয়ে সজাব কাহানি
বেথাৰ সমাধি তল।
নিয়ম পিয়াসী সন্তানবোৰে
নিয়ম নমনা হʼল
মাতৃৰ চকু ঘন কুৱঁলীৰ গহ্বৰ হৈ গʼল।
শগুণে সদায় সভাকে পাতে
ভাষণ পৰি ৰʼল,
দিনবোৰ আমাৰ মৃত হৰিণৰ
বেকা শিং যেন হʼল।
মই যেন এক ৰʼদৰ বিলাপ
শব্দৰ সমদল।।
“সুৰাত মগন ভয়াল ৰাতি” Song Lyrics
Listen and Download Mp3 Song Of “সুৰাত মগন ভয়াল ৰাতি“
- Wynk: http://bitly.ws/9Lvq
- Gaana: http://bitly.ws/9Lvo
- Jio Savan : http://bitly.ws/9Lvp
- Download Mp3: http://bitly.ws/9Lvr