শ্বিলঙৰে গধূলি Shillongore Godhuli Lyrics.Tribute to The Legendary Singer Dr. Bhupen Hazarika.
“Shillongore Godhuli” Song Lyrics
শ্বিলঙৰে গধূলি
সপোন চহৰৰ মৰমী শৰতৰ
সোঁৱৰণি সোণালী।
শ্বিলঙৰে গধূলি…….
ৰঙীন বজাৰৰ পাৰ হৈ হৈ
শুদাকৈ ভৰিৰে দূবৰি গছকি গৈ
সৰু সৰু জিৰজিৰিয়া
নিজৰাৰ পাৰতে
হাঁহি হাঁহি তুমিয়ে ময়ে সিদিনা
পৰিবযে খুজিছিলো পিছলি,
শ্বিলঙৰে গধূলি…….
লাহে লাহে এন্ধাৰ হ’ল
দূৰণিৰ খাচী গাঁওখন
তুমি আৰু ময়ে মিলি
দুয়োতেই হ’লোঁ মগন।
দুটি মন-নিজৰা জলধি হৈ
ওখকৈ সৰলৰ বননি দিলে বুৰাই
যেন উৰি, উৰি উৰি উৰি ফুৰা জোনাকী পৰুৱাই
হাঁহি হাঁহি জোকালে
আমি হেনো উটি ফুৰা
দুটি মিঠা শৰতৰ শেৱালি
শ্বিলঙৰে গধূলি……।
“শ্বিলঙৰে গধূলি” Mp3 Song Video
Listen and Download Mp3 Song Of “শ্বিলঙৰে গধূলি“
- Gaana: http://bitly.ws/9KY8
- Download Mp3: http://bitly.ws/9KYb