Sekuri Sekuri A beautiful Assamese song by Neel Akash and Priyanka Kalita. Released in 2020. It is a romantic duet tuned by Chinmoy Kaushik and Joy Nirvan.
“ চেকুৰি চেকুৰি ” Song Info
➤ Singer: Neel Akash and Priyanka Kalita |
➤ Lyrics: Chinmoy Kaushik |
➤ Music: Palash Gogoi |
“ Sekuri Sekuri ” Song Lyrics
তিতিকি তিতা মাত
শুনিলে গুচে ভোক
কিয়নো মিছাতে
খং কৰি আছা মোক
কোমলকৈ কলিজাত
শোকে খুন্দা মাৰে
গুজিবলৈ মূৰটি
দুবাহু বিচাৰে
চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম
ফেকুৰি ফেকুৰি মৰম বিচাৰিলেই পাম
মোৰ জান ঐ
মোৰ জান ঐ
জান ঐ
তোমাৰ কপালতে
আকিলোঁ এটি জোন
ৰাখিম তোমাক কাষতে
তুমিয়েই মোৰ সোণ
ৰ’দ বৰষুণ
পৰিলে তোমাৰ গাত
তোমাক সাবটি ল’ম
হিয়া পৰিব শাঁত
চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম
ফেকুৰি ফেকুৰি মৰম বিচাৰিলেই পাম
পৰি গ’লে ধৰিবা
মৰম অকণ কৰিবা
এনেয়ে নকৰিবাচোন অভিমান
কাষে চাপি আহিছোঁ
চকুলে চাই হাঁহিছোঁ
দিয়া এষাৰি মাত জান ঐ জান
হেঁপাহ মোৰ নপলাই
দুচকু ভৰি চাম
তুমি হাঁহি দিলেই
মৰিও জী উঠি যাম
জীৱনৰ সন্ধিয়াত
সাৰথি তোমাৰ হ’ম
কোলাতে মূৰটি থৈ
মই জীৰণী ল’ম
চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম
ফেকুৰি ফেকুৰি মৰম বিচাৰিলেই পাম
” চেকুৰি চেকুৰি ” Song Video
Listen and Download Mp3 Song Of চেকুৰি চেকুৰি 👇👇
- Wynk: http://bitly.ws/aFbL
- Spotify: http://bitly.ws/aFbH
- Gaana: http://bitly.ws/aFbN
- Jio Savan: http://bitly.ws/aFbG
- Youtube Music: http://bitly.ws/aFbK
- Direct Download Mp3: http://bitly.ws/aFbQ