সহস্রজনে মোক Sahashra Jone Mok Proshna kore Lyrics.Tribute to The Legendary Singer Dr. Bhupen Hazarika.

“Sahashra Jone Mok Proshna kore” Song Lyrics
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ প্রেয়সীৰ নাম
মালবিকা নে লিপিকা নে মল্লিকা ।
অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কও,
নহয় মালৱিকা বা লিপিকা বা হৈমন্তী বা মল্লিকা ।
সহস্রজনে মোক প্রশ্ন কৰে
আমাৰ চেনেহ, আমাৰ মৰম
কিয় ফল্গু হ’ল?
বহির্জগতৰ অদেখা,
সমিধানত কও,বুকুতেই সাচে কিয়,
পৃথিৱীয়ে গর্ভতো,অব্যক্ত কত বহ্নিশিখা
বেদৰ মন্ত্রেৰে দম্পতী
যদিও নহ’লো আমি কাহানিও
একেটি পাত্রতে জীৱন-মদিৰা
পান কৰো আমি তথাপি।
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ মৌন পৰত,
অনুপ্রেৰণাৰে জ্যোতি যাচে জানো
নাম তাইৰ জানো মধুচন্দ্রিকা
সমিধানত কও,
বুকুৰ ৰক্তেৰে
গুপুতে জীয়াই ৰখা
নামবিহীনা তাই অনামিকা
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ প্রেয়সীৰ নাম,
মালবিকা নে লিপিকা নে মল্লিকা
অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কও,
নামবিহীনা তাই
নামবিহীনা তাই
নামবিহীনা তাই অনামিকা
“সহস্রজনে মোক প্রশ্ন কৰে” Mp3 Song Video
Listen and Download Mp3 Song Of “সহস্রজনে মোক প্রশ্ন কৰে“
- Wynk: http://bitly.ws/9KYQ
- Gaana: http://bitly.ws/9KYR
- Jio Savan : http://bitly.ws/9KYT
- Download Mp3: http://bitly.ws/9KYV