প্ৰতিধ্বনি শুনো Pratidhwani Suni Lyrics in Assamese-Song By Dr. Bhupen Hazarika

Application Launched/Get It Now For Free

প্ৰতিধ্বনি শুনো Pratidhwani Suni Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Pratidhwani Suni” Song Lyrics

প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো
মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো ।।

কাণ পাতি শুনো মই বুজিব নোৱাৰো
চকু মেলি চাওঁ মই মনিব নোৱাৰো,
চকু মুদি ভাবো মই ধৰিব নোৱাৰো
হেজাৰ পাহাৰ মই বগাব নেজানো,
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো।।

হ’ব পাৰে কোনো গাভৰুৰ শোক ভৰা কথা
হ’ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা,
হ’ব পাৰে কোনো ৰংমনৰ কঠীয়াতলীৰ বেথা।।
চিনা চিনা সুৰটিক চিনিব নেজানো
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো।।

শেষ হ’ল কোনো গাভৰুৰ শোক ভৰা কথা,
শেষ হ’ল কোনো আইতাৰ নিশাৰ সাধু কথা
শেষ হ’ল কোনো ৰংমনৰ কঠীয়াতলীৰ বেথা,
চিনা চিনা সুৰটিক চিনিব নাজানো
নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো।।
মোৰ ক’লা চুলিত ৰাতিপুৱাৰ ৰঙা ৰ’দ পৰে
চকুৰ আগৰ কুঁৱলিবোৰ ভয়ত উৰা মাৰে
জাগি উঠা মানুহে হেজাৰ চিঞঁৰ মাৰে
তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাগি পৰে
মানৱ সাগৰত কোলাহল শুনো
নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো।। 

“Pratidhwani Suni” Song Mp3 Video

Listen and Download Mp3 Song Of “প্ৰতিধ্বনি শুনো”

Categories

error: Content is protected !!