অʼ মিচিং ডেকাটি O Missing Dekati Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

“O Missing Dekati” Song Lyrics
বোলো…অʼ মিচিং ডেকাটি
বজালি যে পেম্পাটি
সুৰেৰে সজালি দেখো
দিচাংমুখৰ নিশাটি।মিবু গালুক চোলাটি
পেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি?
মূৰত দেখো দুমেৰ দি গামোচা আঁটিলি
আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে
সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি।
বোলো….অʼ মিচিং গাভৰু
এগে মেখেলাতে তই এন্ধাৰ সানিলি,
অʼ ৰিহাখনিত তামুলি টাকাৰ ৰঙা তৰা বাছিলি!
ডেকাটিৰ সোণৰ বাঁহীৰ সʼতে গুংগাং বজালি,
সৰিয়হৰ ফুল যেন ৰিবিগাচেংখনি তই
বুকুতে বান্ধিলি
আৰু কপি উঠে দিচাঙৰে মিঠা মিঠা মিঠা ঢৌটি।
অʼ বোলো ঘুণাসুঁতিৰ পাৰতে
বহু দিনৰ আগতে,
অʼ মিৰিৰে জীয়ৰী মোৰ পানেইজনী মৰিলে
পিচে, জঙ্কিৰে চিঞৰটি, অসমীৰে ভাষাতে
শ্ৰীৰজনীকান্তই যুগমীয়া কৰিলে
মনত পৰেনে সেই কথাটি?
অʼদিচাংমুখৰ ডেকাটি।
আজিৰ পানেই নমৰে আৰু জঙ্কিয়েও নেকান্দে
এই, জঙ্কি-পানেইৰ মিচিং সমাজ
নিজেই দিচাং আবুং হৈ
অসমীৰে বৰ লুইতৰ সোঁতটি বঢ়াব
মৰমৰে এই যুগটি।।
“O Missing Dekati” Video Song
Listen Mp3 Song Of “অʼ মিচিং ডেকাটি”
- Gaana: http://bitly.ws/9Dsz