Famous Bollywood singer Angaraag Mahanta(PAPON) Is back with his soulful voice. নিলাঞ্জনা Nilanjana… A beautiful romantic Classic Assamese song by Papon Released in 2020.

“নিলাঞ্জনা” Song Info
➤ Singer: Angaraag Mahanta(PAPON) |
➤ Lyrics: Jananjoy Saikia |
➤ Music: Angaraag Mahanta(PAPON) |
” Nilanjana ” Song Lyrics
নিজানৰ এটি অবুজ কোলাহলে
বান্ধি ৰাখে দুটি মন
দুচকুতে আছিলোঁ সজাই
ভাল লগা এটি ক্ষণ
সুৰ বোৰে তাতে ভেজা লাগি
মৌনতা হৈ উজাই
খুজি খুপি বুকুতে বহি ৰয়
কিনো বহি বজাই
নিলাঞ্জনা..মোৰ আকাশৰ ফাগুন চুৱানা
এটি সুৰ পলাসৰ.. পৰিসৰ যাযাবৰ
ফাগুনৰে দুপৰীয়া
তাতে এজাক বতাহ
চিলাখনি উৰি ফুৰা যেন
তোমাক চুমিহে যায়
বতাহত নাচে তাই
ছিঙিও ছিঙা নাই
ধৰাৰে অযুত অভিমান
নিলাঞ্জনা..মোৰ আকাশৰ ফাগুন চুৱানা
এটি সুৰ পলাসৰ.. পৰিসৰ যাযাবৰ
মৰমৰে দুটি পখিলা
এজনী কপাহী এজনী নীলা
গোলাপৰে পাহিতে বহি
কত যে সানিছে ৰং
উলাহতে নাচে তাই
ভাগৰি ভাগৰা নাই
অভিনয় কি নাজানে তাই
নিজানৰ এটি অবুজ কোলাহলে
বান্ধি ৰাখে দুটি মন
দুচকুতে আছিলোঁ সজাই
ভাল লগা এটি ক্ষণ
সুৰ বোৰে তাতে ভেজা লাগি
মৌনতা হৈ উজাই
খুজি খুপি বুকুতে বহি ৰয়
কিনো বহি বজাই
নিলাঞ্জনা..মোৰ আকাশৰ ফাগুন চুৱানা
এটি সুৰ পলাসৰ.. পৰিসৰ যাযাবৰ
” নিলাঞ্জনা ” Song Video
Listen and Download Mp3 Song Of নিলাঞ্জনা 👇👇
- Wynk: http://bitly.ws/aFcg
- Spotify: http://bitly.ws/aFce
- Gaana: http://bitly.ws/aFcj
- Jio Savan: http://bitly.ws/aFcd
- Youtube Music: http://bitly.ws/aFcf