নীলা আকাশ Nila Akash Lyrics in Assamese.A beautiful Assamese song by Angaraag Mahanta(PAPON). From the album জোনাকী ৰাতি.
“Nila Akash” Song Lyrics
নীলা আকাশ, মেঘৰ আবাস,
বৰণীয়া পোহৰ এজাক,
ই ক’ৰপৰা আহি আছে !
নেজানো একোকে,….সঁচা-মিছা ।
অতি চিনাকি এজাক বৰষুণ,
নামিলেহি মোৰ চোতালতে,
অতি চিনাকি অনুভূতিবোৰ,
বাগৰ সলায় মোৰ হৃদয়তে,
মোৰ মনক জোকায়,
সেই বৰষুণজাকৰ দৰে সিও গুচি যায়,
বৰ অসহায়…অসহায় লাগে সেই পৰতে,
বৰ অসহায়…অসহায় লাগে সেই পৰতে কিয়?
সময় বালিৰ সোণোৱালী,
নিৰৱে তাইৰ চতুৰালি,
হাতৰ ফাঁকে সৰকি যায়,
নোৱাৰি ধৰিব..পাৰি জানো???
জিৰ্ জিৰ্ জিৰ্ জীৱন্ত
চঞ্চল মনৰ নিজৰাতে
কত হাঁহি শত অশ্ৰু
উটি আহে উটি যায় নেদেখাকে
জিৰ্ জিৰ্ জিৰ্ জীৱন্ত
চঞ্চল মনৰ নিজৰাতে
কত হাঁহি শত অশ্ৰু
উটি আহে উটি যায় নেদেখাকে
মোৰ মনে জানো বুজি পায়।
এই অভিনয় আৰে আৰে কোনে জুমি চায়
বৰ অসহায়..অসহায় লাগে সেই পৰতে,
বৰ অসহায়..অসহায় লাগে সেই পৰতে কিয় ?
নীলা আকাশ, মেঘৰ আবাস,
বৰণীয়া পোহৰ এজাক,
ই ক’ৰপৰা আহি আছে?
নেজানো একোকে..সঁচা-মিছা।।
“Nila Akash” Song Video
Listen and Download Mp3 Song Of “নীলা আকাশ” 👇👇
- Gaana: http://bitly.ws/9PnF
- Youtube Music: http://bitly.ws/9PnI
- Direct Download Mp3: http://bitly.ws/9PnK