মোৰ গান হওক Mur Gaan Houk Lyrics in Assamese-Song By Bhupen Hazarika

Application Launched/Get It Now For Free

মোৰ গান হওক Mur Gaan Houk Lyrics.Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Mur gaan houk lyrics

Mur Gaan Houk” Song Lyrics

মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে
এক গভীৰ আস্থাৰ গান।

মোৰ গান হওক
কল্পনা-বিলাসৰ বিপৰীতে
এক সত্য প্ৰশস্তিৰ ধ্যান।
মোৰ কলাশৈলীতে মূৰ্ত্ত হওক
এক মধুৰ বৈশিষ্টৰ মান।
এই গানত জাগক জনৈক সংগ্ৰামী
সৈনিকৰ মহাপ্ৰাণ।
মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান।

সমসাময়িক সংঘাত
জীৱনৰ জ্যোতিপ্ৰপাত।
তাৰেই গান হওক ধন্য
হওক সমৱেত কণ্ঠ অগণ্য।
ধ্বংসমুখী দৃষ্টিভংগী
কিম্বা মনোমালিন্য।
সেয়া নহয় মোৰ গানৰ লক্ষ্য
লক্ষ্য শান্তি অনন্য।
মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান।

মোৰ সুৰবিন্যাসত মূৰ্ত্ত হওক
অতীত বৰ্তমান
চিৰ উজ্জ্বল ভৱিষ্যতেও যেন
তাতেই কৰে নিতে স্নান।
মোৰ গান হওক
বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে
তীব্ৰ গতিৰেই গান।
মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান।।

মোৰ গান হওক” Mp3 Song Video

Listen and Download Mp3 Song Of “মোৰ গান হওক

Categories

error: Content is protected !!