মনতে পৰে লৰালি Monote Pore Lyrics in Assamese-Song By Papon

Application Launched/Get It Now For Free

মনতে পৰে মনতে পৰে আজি সোঁৱৰণী Monote Pore Aji Huworoni a beautiful Assamese song by Angaraag Mahanta(PAPON). From the Album লৰালি.

Monote Pore by papon  Lyrics

“Monote Pore Aji Huworoni” Song Lyrics

মনতে পৰে আজি সোঁৱৰণী
সেউজী পথাৰ বুকুতে সেউজীয়া
আইৰে বুলনি মৰমৰ চেকনিত
পিঠিৰে মাজত আজিও সাজ থকা
ল’ৰালি থাক মোৰ গাতে লাগি
ধেমালি কৰ মোৰ সতে আহি
ল’ৰালি থাক মোৰ গাতে লাগি।

ধেমালি কৰ মোৰ সতে আহি
টাংগুটি খেলা অলং দলং কেটেপা মৰা
কোন বাটেদি ওলাব চাবি আকৌ সোপাধৰা…।।


নদীতে ডুব মৰা ম’হৰ পিঠিত বগুৱা
নৰা পেঁপাৰ সুৰ উঠে ৰাগি ধৰা
নৰা পেঁপাৰ সুৰ উঠে ৰাগি ধৰা
খিৰিকি ফালি ফণী খনি হাতে ধৰি লৰ মৰা।

অংক বুলিলে মনত চাৰ ঘনা মৰা
টাংগুটি খেলা অলং দলং কেটেপা মৰা
কোন বাটেদি ওলাব চাবি আকৌ সোপাধৰা…।।

নাম ঘৰৰে আখৰা সুৰৰ চাপৰি সৰা
আয়তীৰে নামবোৰো বুকুতে নধৰা
আয়তীৰে নামবোৰো বুকুতে নধৰা
জেওৰা ভাঙি মাঘৰ বিহুত মিলি চুৰ কৰা
পিছদিনাখন দেউতাৰ মুখতে ধৰা পৰা
টাংগুটি খেলা অলং দলং কেটেপা মৰা
কোন বাটেদি ওলাব চাবি আকৌ সোপাধৰা…।।

Monote Pore Aji Huworoni” Song Video

Listen and Download Mp3 Song Of “মনতে পৰে

Categories

error: Content is protected !!