মই এটি যাযাবৰ Moi Eti Jajabor Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.
“Moi Eti Jajabor” Song Lyrics
মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে লৰো
নিবিচাৰি নিজা ঘৰ।
মই লুইতৰ পৰা মিছিছিপি হৈ, ভলগাৰ ৰূপ চালো
অটোৱাৰপৰা অষ্ট্রিয়া হৈ, পেৰিছ সাবটি ল’লো।
মই ইলোৰাৰপৰা পুৰণি ৰহণ, চিকাগোলে কঢ়িয়ালো
গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত, শুনা পালো।
মাৰ্ক টোৱেনʼৰ সমাধিত বহি, গৰ্কীৰ কথা ক’লো,
বাৰে বাৰে দেখোঁ বাটৰ মানুহো আপোন হৈছে বৰ।
সেয়ে মই যাযাবৰ।
বহু যাযাবৰ লক্ষ্যবিহীন,মোৰ পিছে আছে পণ,
ৰঙৰ খনি য’তেই দেখিছো, ভগাই দিয়াৰ মন।
মই দেখিছো অনেক গগনচুম্বী, অট্টালিকাৰ শাৰী
তাৰ ছাঁতেই দেখিছো কতনা, গৃহহীন নৰ-নাৰী।
মই দেখিছো কিছু ঘৰৰ সমুখ বাগিছাৰে আছে ভৰি,
আৰু দেখিছো মৰহা ফুলৰ পাপৰি, অকালতে পৰা সৰি।
বহু দেশে দেশে গৃহদাহ দেখি চিন্তিত হওঁ বৰ
মনৰ মনুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ।
সেয়ে মই যাযাবৰ
ধৰাৰ দিহিঙে দিপাঙে লৰো
নিবিচাৰি নিজা ঘৰ
সেয়ে ম ই যাযাবৰ
মই এটি যাযাবৰ।।
“মই এটি যাযাবৰ” Mp3 Song Video
Listen and Download Mp3 Song Of “মই এটি যাযাবৰ“
- Wynk: http://bitly.ws/9KUH
- Gaana: http://bitly.ws/9KUJ
- Jio Savan : http://bitly.ws/9KUM
- Download Mp3: http://bitly.ws/9KUQ