কত’ জোৱানৰ Koto Juwanor Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.
“Koto Juwanor” Song Lyrics
কত’ জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহ’লো মই কিয়?
কত’ জোৱানৰ মৃত্যু হ’ল।
হেনো হিমালয় ভাৰতৰ প্ৰহৰী
তাহানি শুনিছিলো কাহিনী
পিছে মৃত জোৱানসবে চিঞৰিছে
লাগে চিৰ জাগ্ৰত এটি বাহিনী।
আজি কামেং সীমান্ত দেখিলো
দেখি শত্ৰুৰ পশুত্ত্ব চিনিলো
আৰু মৃত মৌন শত জোৱানলে
মোৰ অশ্ৰু-অঞ্জলি যাচিলো।
কত’ পিতৃ পুত্ৰহাৰা হ’ল
কোন মাতৃৰ বুকু শুদা হ’ল।
ৰঙা সেন্দূৰ কাৰ মচা গ’ল
কাৰ বাসনা অপূৰ্ণ ৰ’ল।
প্ৰতি জোৱান ৰক্তৰে বিন্দু
হ’ল সাহসৰ অনন্ত সিন্ধু
এই সাহসৰ দুৰ্জেয় লহৰে
যাচিলে প্ৰতিজ্ঞা জয়ৰে।
আজি কামেং সীমান্ত দেখিলো
দেখি শত্ৰুৰ পশুত্ত্ব চিনিলো
আৰু মৃত মৌন শত জোৱানলে’
মোৰ অশ্ৰু-অঞ্জলি যাচিলো।।
“কত’ জোৱানৰ” Video Mp3
Listen and Download Mp3 Song Of “কত’ জোৱানৰ”
- Gaana: http://bitly.ws/9E9C
- Download Mp3: http://bitly.ws/9E9F