কলি মেলিলে Koli Meliley New Assamese Song By Zubeen Garg & Navanita Sharma Bora. From the Movie ৰত্নাকৰ released in 2019. Starred by Jatin Bora & Barsha Rani Bishaya in the lead role.

“কলি মেলিলে” Song Info
➤ Singer: Zubeen Garg & Navanita Sharma Bora | |
➤ Lyrics: Rahul Gautam Sharma | |
➤ Music: Zubeen Garg | |
➤ Movie: ৰত্নাকৰ | |
➤ Director: Jatin Bora | |
“Koli Meliley” Song Lyrics
কলি মেলিলে একোলা ৰঙে,
শুকুলা মনৰ মাজতে মোৰ
হাঁহি মাৰিলে আজি হঠাতে
উচুপি থকা সময়ে মোৰ
অভিধানৰে কোনো আখৰে,
বুজাব নোৱাৰা আৱেগবোৰ
চেকুৰি আহি আশাৰে ঘোঁৰাতে
সঁচা হ’বলৈ কিমান দূৰ,
কলি মেলিলে একোলা ৰঙে
শুকুলা মনৰ মাজতে মোৰ
হাঁহি মাৰিলে আজি হঠাতে
উচুপি থকা সময়ে মোৰ…
….Music….
অকনমানিকৈ এধানমানিকৈ
আজি সপোন
উৰি আহি চকুতে শুলে আকশৰ জোন
জাকৰুৱা ৰ’দে উমনি দিলে
ৰাগে-অনুৰাগে বিয়পে ফাগুণৰ গান
বাঢ়ি আহি বুকুতে শুলে আঘোণৰ ধান
ইতিহাসৰে সিটো পাৰলে
ৰামধেনু ৰঙ বিলাই যায়
আৰোহনৰে সাতোটি সুৰে
উজ্বলি মোৰ গানকে গায়
কলি মেলিলে একোলা ৰঙে
শুকুলা মনৰ মাজতে মোৰ
হাঁহি মাৰিলে আজি হঠাতে
উচুপি থকা সময়ে মোৰ…
না না না না না
না না না না না……