এৰি থৈ অহা Eri Thoi Oha Lyrics in Assamese-Song By Papon

Application Launched/Get It Now For Free

এৰি থৈ অহা মোৰ ঐ Eri Thoi Oha Mur Oi a beautiful Assamese song by Angaraag Mahanta(PAPON). The song describes the beauty and memories of our beloved village or home.

Eri Thoi Oha Mur Oi” Song Lyrics

এৰি থৈ অহা মোৰ ঐ

লুইতৰ পাৰৰে ঐ

শুৱনি গাঁৱখনি সোণ সোঁৱৰণী

কেনেকৈ মই পাহৰোঁ মই

মোকে চোন মাতে ৰৈ ৰৈ ।


কিমান যে সহজ আছিল,কিমান যে মোহনীয়া

কিমান যে প্ৰীতিৰ সেন ঐ,প্ৰেমৰ দাপোণ খনিত

উজ্বলাই জীৱন ছবি

কৈছিল আগুৱাবলৈ

আহিলোঁ বহু দূৰ,বহু দূৰ আহিলোঁ

আশা সপোনৰ পথ,কত বাটকুৰি বাই

আয়ৈ জানো পাম নে ঐ ওভতি গৈ,

শুৱনি গাঁৱখনি সোণ সোঁৱৰণী….।।


আইৰ যে কোলাত আকৌ

উমলিম এই বেলি

ল’ৰালি দুনাই ঘূৰাই লৈ

আইৰে মুখত শুনিম,সুমধুৰ নিচুকণি

ভাগৰ মোৰ পলোৱাম গৈ

দেখিলোঁ বহু পথ

পথৰ শেষতে আই

আপোন পদূলিতেই আছে হয় বাট চাই

আই ঐ যেন যাম গে উধাতু খাই…।।

Eri Thoi Oha Mur Oi” Song Video

Listen and Download Mp3 Song Of “এৰি থৈ অহা মোৰ ঐ

Categories

error: Content is protected !!