এইবেলি মোক বুকুতে ৰাখি Eibeli Muk Lyrics. A beautiful Assamese song by Angaraag Mahanta(PAPON). From the album চিনাকি অচিনাকি.

“Eibeli Muk” Song Lyrics
এইবেলি মোক বুকুতে ৰাখি
এইবেলি মোক লোৱাহি ঢাকি,
এইবেলি মোক আঁচলতে তোমাৰ
চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি
এইবেলি হওঁক এই পৃথিৱী সাক্ষী,
আৱেগেৰে জ্বলোৱা চাকি।।
আন কাৰো বাবেচোন মোৰ..জানো আজৰি যে নহয়,
জোনৰে দেশৰ লৈ আহা বাতৰি,
নেলাগে জানা সোণ মোক একো বাকী।।
এইবেলি মোক নথবা ৰাখি,
মৰমেৰে লোৱাহি আঁৱৰি
প্ৰতিটো নিশা সপোনত আহি
চুমা আঁকি!
ঢালি যোৱা মিঠা মিঠা তোমাৰ সুবাস এচাটি
উৰু উৰু মন ৰাঁখোনো কিদৰে
উৰিম আকৌ এইবেলি পখী হৈ।।
এইবেলি হওঁক জোন তৰা সাক্ষী
মিলনৰে এটি মিঠা ৰাতি
চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি।
এইবেলি হওঁক এই পৃথিৱী সাক্ষী,
আৱেগেৰে জ্বলোৱা চাকি।।
“Eibeli Muk” Song Video
- Youtube Music: http://bitly.ws/9PoH
- Direct Download Mp3: http://bitly.ws/9PoU