চিৰযুগমীয়া ঢৌ Chiro Jugomiya Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika. Find All Bhupen Hazarika Song Lyrics.

“Chiro Jugomiya” Song Lyrics
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰ নতুন পানচৈ উটি যায় ।
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
সময় নদীত পট আকি আকি যায় ।
অনু-পৰমাণু হৈ কাৰ আশা-ৰেণু উৰে, আজি উৰে ?
অ’ অ’ অ’ মোৰ মন-গীতিকাৰ
চোৱাহি চোৱাহি
হৃদয় বিলাই কোন যায় ?
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
পদুম সুৰৰ পানচৈ উটি যায় ।
অনু-পৰমাণু হৈ
কাৰ আশা-ৰেণু উৰে আজি উৰে? আজি উৰে?
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি ।
উজনি পানীতে মৰমী সোততে
চিত্রলেখীয়ে চিৰসুন্দৰৰ
হংসকাপেৰে বুৰঞ্জী লিখে
অ’ অ’ অ’ মোৰ মন-সুৰকাৰ
গোৱাহি গোৱাহি
সুৰৰ আজি সীমা নাই।
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰ নতুন পানচৈ উটি যায়
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
সময় নদীত পট আকিঁ আকিঁ যায়
অনু পৰমাণু হৈ কাৰ আশা-ৰেণু উৰে
আজি উৰে ?
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি।।
“চিৰযুগমীয়া ঢৌ তুলি” Song Video
Listen and Download Mp3 Song Of “চিৰযুগমীয়া ঢৌ তুলি”
- Gaana: http://bitly.ws/9JbR
- Suroor Enajori: http://bitly.ws/9JbU
- Download Mp3: http://bitly.ws/9JbW