বিস্তীৰ্ণ পাৰৰে Bistirno Parore Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

“Bistirno Parore” Song Lyrics
বিস্তীৰ্ণ পাৰৰে,অসংখ্য জনৰে
হাঁহাকাৰ শুনিও,নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয় ?
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও,
নিৰ্লজ্জ অলসভাৱে বোৱা কিয় ?
জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃবিহীনতাত নিমাত কিয় ?
সহস্ৰ বাৰিষাৰ,উন্মাদনাৰ
অভিজ্ঞতাৰে,পংগু মানৱক
সবল সংগ্ৰামী,আৰু অগ্ৰগামী
কৰি নোতোলা কিয় ?
ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্বৰহিত,
তেনে শিথিল সমাজক নাভাঙা কিয় ?
তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্ৰ
নহʼলে প্ৰেৰণা নিদিয়া কিয় ?
উন্মত্ত ধৰাৰে,কুৰুক্ষেত্ৰৰে
শৰশয্যাতে,আলিঙ্গন কৰা
ভীষ্মৰূপী,অজস্ৰ বীৰক
জগাই নোতোলা কিয় ?
"বিস্তীৰ্ণ পাৰৰে" Mp3 Song Video
Listen and Download Mp3 Song Of "বিস্তীৰ্ণ পাৰৰে"
- Wynk: http://bitly.ws/9KUc
- Gaana: http://bitly.ws/9KUa
- Jio Savan : http://bitly.ws/9KU9
- Download Mp3: http://bitly.ws/9KUe