অসম দেশৰ বাগিচাৰে Axom Dekhor Bagisare Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.
“Axom Dekhor Bagisare” Song Lyrics
অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰো ধেমালি
হেʼ লছমী নহয় মোৰে নাম চামেলি ।।
শিৰীষ তলে ধৰ্বি পাহি, পাতা লম্বা পাবি বʼলি
নাকে পিন্ধি নাকফুলি, জোৱান ভুলালি
হেʼ চম্পা নহয় মোৰে নাম চামেলি।।
বাৰ মাসেৰ বাৰ ফুল ভাদ মাসেৰ কেয়াৰে
কিবা দৰে ছাড়ে গেলʼ
অভাগিনী পিয়াৰে।
অʼ অভাগিনী পিয়াৰে।
ছটʼ ছটʼ ছোকড়ী, বৰ বৰ টুক্ৰী
নৰম সবুজ পাতা, তলে ডগ্ ডগ্
জোৱান বুঢ়াৰ আখি দেখ্
কৰে লক্ লক্;
ছটʼ ছটʼ বুকখানা কৰে ঢক্ ঢক্
কি ভাবিস ঐ হামাৰ চাহেলী
মনে ৰাখ মোৰ নাম চামেলি।
এʼ বাপ-দাদা আছিলে কোনোবা মুলুকত;
পিছে, আমি বিহু গাব জানো
এʼ হাঁহে হৈ চৰিমগৈ অʼ মইনা
তোমাৰেনো পুখুৰীত।।
এʼপাৰ হৈনো পৰিমগৈ চালত
এʼ ঘামে হৈ সোমামগৈ অʼ মইনা
তোমাৰেনো শৰীৰত।।
মাখি হৈনো চুমা দিম গালত ।
ভাদৰ মাসত ধম্ ধমা ধম্
কৰম পূজাত ধম্ ধমা ধম্
বাজাও আমি ধম্ ধমা ধম্
মাদল চাওতালী।।2।।
ঐ মুখাপিন্ধা, তই কোন ছোৱালীৰে
আৰেʼ বীৰবলৰ বেটি তই কি হাণ্টাৰৱালী
নেʼ পিস্তলৱালী আৰে পাগলী
ওঁ-হুঁ, পাগলী নহয় মোৰে নাম চামেলি
বীৰবলেৰ বেটী মোৰ নাম চামেলি
অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰো ধেমালি।
হেʼ লছমী নহয় মোৰে নাম চামেলি
বীৰবলেৰ বেটী মোৰ নাম চামেলি
অসম দেশত আমি ফুৰো উমলি ।
চৰ্দাৰ বʼলে কাম কাম
বাবু বʼলে ধৰি আন
চাহেব বʼলে লিব পিঠেৰ ছাম
অʼ বিদেশী শ্যাম
ফাঁকি দিয়ে আনিল আসাম।।
“Axom Dekhor Bagisare” Song Video
Listen and Download Mp3 Song Of “অসম দেশৰ বাগিচাৰে”
- Gaana: http://bitly.ws/9E6q
- Download Mp3: http://bitly.ws/9E6t