অসম আমাৰ ৰূপহী Axom Amar Rupohi Lyrics-Assamese Song By Bhupen Hazarika

Application Launched/Get It Now For Free

অসম আমাৰ ৰূপহী Axom Amar Rupohi.Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Axom Amar Rupohi

Axom Amar Rupohi” Song Lyrics

অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ।

গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ,ইমান ৰসাল মাটি
চিৰ বিনন্দীয়া তোমাৰ,সেউজ পৰিবেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে লখিমী আদৰে
শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ
অ’ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ।

পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেঁতু গঢ়ে
লুইতৰে বহল পাৰক প্ৰণিপাত কৰোঁ
জন্ম ললোঁ ইয়াতেই, ইয়াতেই যেন মৰোঁ
পাম ক’ত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য্য উঠা দেশ।
অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ।।

“অসম আমাৰ ৰূপহী” Mp3 Video

Listen and Download Mp3 Song Of “অসম আমাৰ ৰূপহী

Categories

error: Content is protected !!