এতিয়া হিয়া মোৰ Atiya Hiya Mur Lyrics in Assamese-Song By Zubeen Garg

Application Launched/Get It Now For Free

এতিয়া হিয়া মোৰ Atiya Hiya Mur an Assamese romantic song by Zubeen Garg.

Atiya hiya mur Lyrics

“Atiya Hiya Mur” Song Lyrics

এতিয়া হিয়া মোৰ বৰষে তোমালে

এতিয়া বুকু মোৰ উলাহে নধৰে

ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা

চকুতে চকু থৈ বোৱালা কামনা

এতিয়া হিয়া মোৰ বৰষে তোমালে

এতিয়া বুকু মোৰ উলাহে নধৰে…

বুুকুৰে ভিতৰে মৰমে নিগৰে

ডাঁৱৰে পোহৰে তোমাকে সামৰে

বুুকুৰে ভিতৰে মৰমে নিগৰে

ডাঁৱৰে পোহৰে তোমাকে সামৰে

ঢৌ খেলা চুলিৰে শৰতৰ লুকাভাকু

মিচিকিয়া হাঁহিৰে যেন ইপাৰ সিপাৰ বুকু

অ’…  এতিয়া হিয়া মোৰ বৰষে তোমালে

এতিয়া বুকু মোৰ উলাহে নধৰে

ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা

চকুতে চকু থৈ বোৱালা কামনা।।

তুমি সোণ বুকুৰে তুমি শোণিতৰে

তুমি সপোনৰে তুমি দিঠকৰে

তুমি সোণ বুকুৰে তুমি শোণিতৰে

তুমি সপোনৰে তুমি দিঠকৰে

নীলা নীলা চকুযুৰিত এন্ধাৰে কথা ক’লে

আলফুল দুবাহুত আকৌ জীৱনে উশাহ পালে

অ’…  এতিয়া হিয়া মোৰ বৰষে তোমালে

এতিয়া বুকু মোৰ উলাহে নধৰে

ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা

চকুতে চকু থৈ বোৱালা কামনা

এতিয়া হিয়া মোৰ বৰষে তোমালে

এতিয়া বুকু মোৰ উলাহে নধৰে

ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা

চকুতে চকু থৈ বোৱালা কামনা ।।

“Atiya Hiya Mur” Song Video

Listen and Download Mp3 Song Of “এতিয়া হিয়া মোৰ”

Categories

error: Content is protected !!