আমি অসমীয়া নহও Ami Axomiya Lyrics-Assamese Song By Dr. Bhupen Hazarika

Application Launched/Get It Now For Free

আমি অসমীয়া নহও দুখীয়া Ami Axomiya Song. Tribute to The Legendary Singer Dr. Bhupen Hazarika. He was a playback singer poet, musician, lyricist, and also a filmmaker from Assam, widely known as Sudhakantha(सुधाकण्ठ). His songs are mainly based on humanity, brotherhood, and empathy.

Ami Axomiya nohou dukhiya lyrics

Ami Axomiya” Song Lyrics

আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহʼব
আজিৰ অসমীয়াই, নিজক নিচিনিলে
অসম ৰসাতলে যাব।।

নানা জাতি-উপজাতি, ৰহণীয়া কৃষ্টি
আঁকোৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসম দেশ
বিভেদ পৰিহৰি
নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে, এই দেশ হʼব নিঃশেষ
আৰু মনবোৰো ভাগি ছিগি যাব
আজিৰ অসমীয়াই নিজকে নবচালে
অসমতে মগনীয়া হʼব।

আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহʼব

প্ৰতি অসমীয়াই কি কৰা উচিত,
উপদেশ দিবলৈ নাই লাচিত
‘ডাঙৰ নহয় দেশতকৈও মোৰ’
দুৰ্ব্বলচিতীয়া মোমাইবোৰ’ বোলা
হেংদানধাৰী লাচিত নাথাকিলেও
আগুৱাই যাবই লাগিব
অʼ নহʼলে অসমীয়াই অসমৰ মাটিতে
নিজেই মগনীয়া হʼব।।

আমি অসমীয়া নহওঁ দুখীয়া’
বুলি সান্ত্বনা লভিলে নহʼব

কোনোবা কাপুৰুষক, পুৰুষ কৰিবলেʼ
জ্যোতিপ্ৰসাদো যে আছে।
অসম মৰিলে আমিও মৰিম, বুলি কʼবলৈ শ্বহীদো আছে।
আজি অম্বিকাগিৰীৰ চিঞৰক হাজাৰে
হাতে-কামে নৱৰূপ দিব।
আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে
অসমতে ভগনীয়া হʼব।।

আনৰে লগতে অসমীয়া অসমতে
যদিহে নেবাচে বাৰু কʼতনো বাচিব
মোৰ আইক ভালপাওঁ বুলিলে
আনৰ আইক জানো ঘিণ কৰাটো বুজাব?
প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয়
আৰু দূৰণিৰপৰা আহি লুইতৰ পাৰৰে
মাটিত মাতৃ বোলা প্ৰতি ভাৰতীয় হʼল
নতুন ৰূপৰ অসমীয়া।
আমি সেইভাৱে থাকিলেই হʼব
নহʼলে আমাৰ ‘ৰাজহাড় নাই’ বুলি
বিশ্বই বৰকে হাঁহিব।।

বিশ্বপ্ৰেম বিনন্দীয়া বুলি
অনুভৱ কৰা প্ৰতিজন অসমীয়া
তুমিওতো জানা এটি কথা
আপোন মাতৃৰ অশ্ৰু নমচিলে, বিশ্বপ্ৰেম হʼব বৃথা
তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হʼলে
বিশ্বই জানো ভাল পাব?
পৃথিৱীত জনমি সচেতন নহʼলে
প্ৰাপ্যও থিতাতে হেৰাব।।

থলুৱা আৰু নতুন অসমীয়াক
এইবেলি সেঁৱা যাচি লৈ, সোঁৱৰাব খুজিছোঁ
অসমৰ ৰাইজে নিজকে পাহৰিলে
ভোগালীতো দুৰ্ভোগ পাব
আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও
কঙালীত পৰিণত হʼব।।
আজিৰ অসমীয়াই নিজক নবচালে
অসম ৰসাতলে যাব।

আমি অসমীয়া নহওঁ দুখীয়া’
বুলি সান্ত্বনা লভিলে নহʼব ।।

Ami Axomiya” Song Video

Listen and Download Mp3 Song Of “Ami Axomiya

Categories

error: Content is protected !!