আহ্ আহ্ ওলাই আহ্ Aah Aah Ulai Aah Lyrics-Assamese Song By Dr. Bhupen Hazarika

Application Launched/Get It Now For Free

আহ্ আহ্ ওলাই আহ্ Aah Aah Ulai Aah Lyrics. Tribute to The Legendary Singer Dr. Bhupen Hazarika.

Aah Aah Ulai Aah Lyrics

“আহ্ আহ্ ওলাই আহ্” Song Lyrics

আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্ পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ বধোঁতে
যায় যদি যায় জীৱনতো
যাক।।

সমুখৰে সেনাপতি থমকি জিৰালে,
কিনো হ’ব সেনানীয়ে ভাবিলে গুণিলে
ক’লা কাকতি ফৰিং
নাশোঁগৈ আহ্ ৷৷

আহ্ আহ্ ওলাই আহ্, সজাগ জনতা
আহ্ আহ্ ওলাই আহ্,পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ, বধোঁতে
যায় যদি যায় জীৱনতো
যাক।।

শুন বুভুক্ষু শিশুৰে আৰ্তনাদ
(সেয়ে) তিল্ তিল্ মৃত্যুৰ আনে সংবাদ,
এই সংবাদ শুনিও বধিৰ কিয়?
তই নকৰিবি কিয় তোৰ শেষ
প্রতিবাদ?

সংগ্রাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে জয় জনতাৰে
ত্রাস এৰি দানৱকে বধোঁগৈ আহ্।।

অ’ আহ্ আহ্ ওলাই আহ্ সজাগ জনতা
আহ্ আহ্ ওলাই আহ্ পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ বধোতে
যায় যদি যায় জীৱনতো
যাক

Aah Aah Ulai Aah” Video Song

Listen and Download Mp3 Song Of “আহ্ আহ্ ওলাই আহ্”

Categories

error: Content is protected !!